নিঠৰ হৈ নৰবা সৰুপোনা
এয়াই জীৱন
ইয়াত সঘনে হয়
সপোনৰ সজা ভগা
ইয়াত তেজৰ মূল্য লেখিবলৈ বৰকৈ কঠিন
ভিন্ন ভিন্ন তেজৰ মূল্য
যদিও ইয়াৰ ভাষা ৰাঙলী
প্ৰতিটো শব্দ অৰ্থত প্ৰৱাহিত
তেজ ! সকলো তেজৰ ভক্ষক
নিঠৰ হৈ নৰবা সৰুপোনা
মোৰো তেজৰ ভাষা ৰাঙলী
যদিওৱা মোৰ শব্দত ঘামবোৰৰ
চিতিকনি ৰাঙলী সৰুজ মূখী ।

✍️Arnab Reyaan Rajbangsh