সঁহিব নোৱাৰোঁ মই
যেতিয়া আমনি কৰে তোমাৰ মৰমে
যেন গুছিযাম তোমাৰ কাষৰলে
সকলো বাধা নেওচি,
পাৰিবানে মোক ল’ব আকোঁৱালী,
তোমাৰ নিজৰ কৰি!
দিবানে মোক মৰম একাঁজলী
সেইয়াই হ’ব মোৰ জীৱন সুধা
মৰমৰ সঁচা অনুভুতি!
সঁহিব নোৱাৰো মই
যেতিয়া আমনি কৰে তোমাৰ মৰমে
প্ৰতিদিনে আঁহিবা
হেপাহেৰে মোৰ কাষৰলে!
এটি মিঠা হাঁহিৰে, আলফুলে বুকুত
সাৱটি লব’লে!
পৰিব চেচাঁ মোৰ শৰীৰ তোমাৰ
সান্নিধ্যৰ জীয়া উমত
দিম ওপচাই দুগালত তোমাৰ
আতুৰ ওঁঠৰ দুটি চুমা!
নেভাৱো কেতিয়াও মই
এৰি অহা মোৰ অতীতৰ সেই দিন,
য’ত বাজে মোৰ বেদনাসিক্ত
হৃদয়ৰ ভগা বীণ৷
যি দিযায় বুকুত সেই জ্বলা জুইৰ পোৰণি,
বাচি থাকে আঁহত হৃদয়ৰ কৰুণ সোঁৱৰনি!
সঁহিব নোৱাৰো মই --
Dhuniya kobita!