-তই সুধিছিলি তাইক??
-কি??
-এইদৰে গুছি কিয় গ'ল??
-নাই..
-কিয়?? তোৰ জানিব মন নাযায় কাৰণবোৰ??
-নাযায়.. জানিব মন গ'লহেঁতেন যদি তাই হাজাৰ বাধা আওকাণ কৰি লগত থাকিলহেঁতেন, তেতিয়া সুধিলোহেতেন 'কিয় আছা মোৰ লগত? মইতো ইমান খিনিৰ যোগ্য নহয়?'.. তাই নিজৰ মতেই গুছি গৈছে, সেইবাবেই কাহানিও নুসুধিলো..
-মনত পৰে এতিয়াও??
-নাই নপৰে আৰু এতিয়া, সময়ে ঘা বোৰত মলম সানিছে..
এই যে প্ৰতিশ্ৰুতিবোৰ কৰো 'সদায় লগত থাকিম', ঠিক সেইখিনি সময়তে সময়ে হাঁহে আমাৰ ওপৰত.. সময়ে বৰ ডাঙৰ খেল খেলে.. শেষত কোনো নাথাকে কাষত..
মানুহবোৰ খুব সহজে আতঁৰি যায়.. এটি সৰু অজুহাতৰ ওচৰত হাজাৰ প্ৰাৰ্থনা অথলে যায়..
কোনোবাই কাৰণ দি থৈ যায়, কোনোবাই গোটেই জীৱনলৈ দোমাজাত পেলাই থৈ যায়.. আমাৰ ক'ত ভূল হ'ল বিছাৰি ফুৰো..
জোৰ কৰি ধৰি ৰখা ৰছীয়ে আঘাত কৰেই, সময় বুজি ৰছী এৰি দিয়া ভাল.. আঘাত যিমান গভীৰ তাৰ দাগও সিমানেই গাঢ়..
কোনোবাই আজীৱনৰ প্ৰতিশ্ৰুতি দিও আতঁৰি যায়, কোনোবাই অলপ সময়ৰ সংগী হ'বলৈও হাজাৰ যত্ন কৰে...
সময়ে যেনেদৰে ভঙা পতা কৰে, সময়ে মলমও সানে আঘাতবোৰত.. সময়েই সকলো খেল ৰছে..
পিছলৈ ঘুৰি নাচাও বুলিয়েই খোজ লৈছিলো
সময়ৰ বুকুত যি এৰি আহিলো
সেয়া অতীত..
দুহাত খামুচি যি আগবাঢ়িছো
সেয়া নতুনৰ আৰম্ভণি....
