হৃদয় সিক্ত কৰি যোৱা এজাক বৰষুণৰ অপেক্ষাত
মই আছো
এটোপি আশা লৈ
যি বৰষুণৰ টোপালে মোৰ হৃদয়ক শাঁত পেলাব
মনৰ ব্যাধিবোৰ
ধুুইনিকা কৰিব
পুনৰ ৰসাল উৰ্বৰা হ'ব
মোৰ সপোনবোৰ
ধুলিয়ৰী বাটেৰে
বাটকুৰি বোৱা
এজোপা পান্থ-পাদপ মই
এটি ভাগৰুৱা পথিক যি
জীৱনৰ খলা-বমা বাটত
বাৰে বাৰে উজট খাওঁ
লক্ষ্যস্থান যে এতিয়াও বহুদূৰ......