আমি মধ্যবিত্ত শ্ৰেণী... ৰাজপথৰ কাষত আইনাৰ সুসজ্জিত শ্ব'ৰুমৰ মজিয়া শুৱনি কৰা পোছাক কেইজোৰৰ দামটোৱে ভৰিলৈকে কপাঁই থৈ যাব খোজে.. পছন্দৰ কাপোৰ সাজত নিজকে কল্পনা কৰিয়েই আমি window shopping কৰি লওঁ!! নাই, তলি উদং পকেট কেইখনে আমাক লিভাইচ্, নাইকি, অথবা এডিডাছৰ সপোন দেখাৰ অনুমতি নিদিয়ে!!মহানগৰীৰ বুকুত গৰ্বেৰে মূৰ দাঙি থিয় হৈ থকা শ্বপিং ম'ল কেইটাৰ সমুখত নিজকে খুউব সৰু যেন অনুভৱ হয়।আমি মধ্যবিত্ত শ্ৰেণীৰ মানুহ, আমাৰ সুখবোৰ গণেশগুৰি অথবা ফাঁচী বজাৰৰ গলিবোৰত নাইবা ফুটপাথত উৰি ফুৰে...
ফেচবুক, ইনষ্টাগ্ৰামৰ ফিড শুৱনি কৰা আৰ্টিষ্টিক কাৰুকাৰ্য্যৰ ৰেস্তোৰাঁ অথবা দৃষ্টি কাঢ়ি নিব পৰা ঠাইবোৰৰ ল'কেচন ছেভ কৰিয়েই আমি সন্তুষ্ট হওঁ...
এদিন আমাৰো টকা পইচা হ'ব, এদিন আমিও এনেবোৰ ফটোৰে ছ'চিয়েল মিডিয়াৰ ফিড শুৱনি কৰিম!!
আমি মধ্যবিত্ত শ্ৰেণীৰ মানুহ!! গডৰেজত থকা কাপোৰবোৰ অথবা শ্ব'কেছত থকা বস্তু বোৰতকৈ বেছি বস্তু আমাৰ ম'বাইলত থকা শ্বপিং এপবোৰৰ উইশ্ব লিষ্টত থাকে!!নিজৰ সপোনবোৰতকৈ ঘৰখনৰ দায়িত্ববোৰ এটা সময়ত বেছি ডাঙৰ হৈ আহে.. আমি মধ্যবিত্ত শ্ৰেণীৰ মানুহ, দেউতাৰ হাত দুখনৰ ওপৰত নিৰ্ভৰ কৰি নিজৰ বাবে সুখ কিনাৰ অনুমতি আমাৰ নাই!!প্ৰেয়সীৰ প্ৰয়োজনৰ দাবীতকৈ আই বোপাইৰ বেমাৰৰ চিন্তাই আমাক মাজ নিশালৈকে জগাই ৰাখে..
আমি মধ্যবিত্ত শ্ৰেণীৰ মানুহ.. কেইটামান টকাৰ অভাৱত উচ্চপদৰ চৰকাৰী চাকৰিৰ ওচৰত আমি আমাৰ প্ৰেম হাৰি আহিছোঁ.. খালী পকেট লৈ প্ৰেম কৰাৰ অধিকাৰ আমাক আজিৰ সমাজে দিয়া নাই!!
আমি মধ্যবিত্ত শ্ৰেণীৰ মানুহ...
আধৰুৱা সপোন, হেঁপাহ, আশাবোৰক আমি খালী পকেটৰ উদং তলিত সজতনে কঢ়িয়াই ফুৰো!!
চকুপানীক গাৰুৰ বুকুত সঁপি চিগাৰেটৰ ধোঁৱাত আমি জীৱন উদযাপন কৰো!!ফিচিকি যোৱা জিনছ্ পেন্টটো পিন্ধিয়েই পৃথিৱী ভ্ৰমণৰ সপোন দেখো, উৱঁলি যোৱা হাৱাই চেন্দেলযোৰৰ আগত সপোনবোৰক গাঁঠি দিওঁ!!